আজিৰ পৰা অনিৰ্দিষ্টকাললৈ ৰাজ্যৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ

ৰাজ্যত শেহতীয়াকৈ কোৰোণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। গতিকে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ অনিৰ্দিষ্টকাললৈ ৰাজ্যৰ সকলো চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিস্ব শৰ্মাই।


এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'আজিৰে পৰা ৰাজ্যৰ সকলো স্কুল-কলেজ বন্ধ হৈ যাব। পূৰ্বে কোনো জিলাত  ৩০০ কোৰোণা পজিটিভ কেচ হ'লে শিক্ষানুষ্ঠান বন্ধ কৰাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু বৰ্তমান কোৰোণা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ ২ বজাত ৰাজ্যৰ সকলো দোকান-বজাৰ, অফিচ বন্ধ কৰাৰ নিৰ্দেশ দিছে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন জিলাৰে স্কুল-কলেজ অনিৰ্দিষ্ট কাললৈ বন্ধ  কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে।'

উল্লেখযোগ্য যে, অসমত প্ৰতিদিনেই বৃদ্ধি পাবলৈ লৈছে Corona Virusত আক্ৰান্ত লোকৰ সংখ্যা। মৃত্যুৰ সংখ্যাও পূৰ্বতকৈ বৃদ্ধি হৈছে। সমান্তৰালভাৱে প্ৰতিদিনে হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈয়ে আছে কামৰূপ মহানগৰ জিলাত।

মঙলবাৰৰ দিনটোত ৰাজ্যত Covidত আক্ৰান্ত হৈছে ৪,৪৭৫জন লোক। সেইদৰে আক্ৰান্তৰ হাৰ হৈছে ৮.১৪ শতাংশ। কেৱল কামৰূপ মহানগৰীতে মঙলবাৰে ১৪১৭জন লোকৰ শৰীৰত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছে। বিগত ২৪ ঘণ্টাত অসমত ৪১জন লোকে Covidৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। গতিকে এনে ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান তাৎক্ষণিক ভাবে বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Iklan Atas Artikel

Iklan Tengah Artikel 1

Iklan Bawah Artikel