অভিনৱ কৌশলেৰে ছবি অংকণ কৰি মুগ্ধ কৰিলে হিমন্ত বিশ্ব শৰ্মাক।


হাতৰে নহয় মুখেৰে আকিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ ছবি ৷ চিৰাঙৰ বাসুগাঁৱৰ সৌৰভ মণ্ডল নামৰ যুৱকজনে মুখৰ সহায়ত ওলোটাকৈ আঁকি উলিয়ালে মুখ্যমন্ত্ৰী শৰ্মাৰ সুন্দৰ ছবি ৷ যিখন ছবি চাই মুখ্যমন্ত্ৰীজনেও যুৱকজনক জনাইছে শুভেচ্ছা ৷

হাতেৰে কেনভাছ নুচোৱাকৈ মুখেৰে ইওলোটাকৈ আঁকি উলিয়াইছে এই ছবিখন।


টুইটাৰযোগে এই অভিনৱ ছবিখনৰ কাৰণে সৌৰভ মণ্ডলক কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰী শৰ্মাই।


ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শাখাৰ ছাত্ৰ সৌৰভে সৰুৰ পৰাই ছবি আঁকি ভাল পাইছিল ৷ নিউয়ৰ্কৰ বিশেষভাৱে সক্ষম চিত্ৰ শিল্পী এজনৰ চিত্ৰাংকণৰ প্ৰতি আকৰ্ষিত হৈ এনেদৰে মূখৰ সহায়ত ওলোটাকৈ ছবি আঁকিবলৈ ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লয় ৷

সৌৰভে ইতিমধ্যে ভাৰতৰ বহু বৰেণ্য ব্যক্তিৰ ছবি এইদৰে আঁকিবলৈ সক্ষম হৈছে ৷ সৌৰভে ব্যতিক্ৰমী চিত্ৰ অংকণৰ এছিয়া বুক অৱ ৰেকৰ্ডছ (Asia Book Of Records) আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ  (India Book Of Records)ত স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

বাসুগাঁৱৰ সুভাষ নগৰ নিবাসী সাধন মণ্ডলৰ পুত্ৰ সৌৰভ মণ্ডলে শেহতীয়াভাৱে বিশ্ব অভিলেখ (WORLD RECORD)ৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি অনুশীলন অব্যাহত ৰাখিছে ৷

Iklan Atas Artikel

Iklan Tengah Artikel 1

Iklan Bawah Artikel