মুখ্যমন্ত্ৰী মামাক কাষতে পাই ভাগিনসকলে কি কি প্ৰশ্ন কৰিলে ?

নিৰ্বাচনৰ সময়ত গোটেই অসমত 'মামা' বুলি জনপ্ৰিয় হৈ পৰিছিল নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ১৮ ফেব্ৰুৱাৰীত হিমন্ত বিশ্ব শৰ্মা মাজুলীলৈ আহিছিল আৰু  'মামা' বুলি সম্বোধন কৰি কেইজনমান ছাত্ৰই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে পাতিছিল বহু কথা।  অস্থায়ী হেলিপেডলৈ 'মামা'ক সাৱটি ধৰি আগবঢ়াই দিছিল 'ভাগিন'কেইজনে।


 বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰূপে মাজুলীলৈ ড° হিমন্ত বিশ্ব শৰ্মা আহে আৰু 'মামা' বুলি মতা সেই ভাগিনকেইজনৰ সৈতে মাজুলীৰ আৱৰ্ত ভৱনত মাজুলীৰ লোকেল মাছেৰে একেলগে এসাজ আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। তাতেই হিমন্ত বিশ্ব শৰ্মাই কথা প্ৰসংগত ভাগিনহতক ক'লে "মাছ-মাংস মই ৪ বছৰ ধৰি খোৱা নাছিলো কিন্তু বিগত বছৰ  অসমত ক'ভিডৰ সংক্ৰমণ হোৱাৰপৰা মই খোৱা কৰিলো।" ছাত্ৰকেইজনক ভালকৈ পঢ়াৰ বাবে পৰামৰ্শ আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে। এজন ছাত্ৰৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ১ লাখ নিবনুৱাক সংস্থাপন দিয়া হ'ব কিন্তু এবছৰ লাগিব। টুইটাৰযোগে ছাত্ৰসকলৰ সৈতে হোৱা কথোপকথনৰ ভিডিঅ' শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Iklan Atas Artikel

Iklan Tengah Artikel 1

Iklan Bawah Artikel