‘ভগৱান’ ! পাপলুৰ বাবেই তেওঁলোকে ঘূৰাই পালে আত্মীয়ক !

তেওঁৰ পাপলু টাইড। পাপলু এতিয়া কেইবাটাও পৰিয়ালৰ বাবে ‘ভগৱান’। তেওঁৰ বাবেই কেইবাটাও পৰিয়ালে ঘূৰাই পালে নিজৰ আত্মীয়ক। সেয়েহে সেই পৰিয়ালকেইটাৰ বাবে পাপলু হৈ পৰিছে ভগৱান সদৃশ।


৮ ছেপ্তেম্বৰত সংঘটিত হোৱা নিমাতীঘাটৰ ভয়াৱহ ফেৰী দুৰ্ঘটনা (Nimatighat Boat Tragedy)ৰ সময়ত কাইবাজনো লোকে নিজৰ জীৱনকো তুচ্ছ কৰি ৰক্ষা কৰিবলৈ সক্ষম হৈছিল লুইতৰ বুকুত বুৰ যোৱা বহু লোকৰ জীৱন। সেই শিহৰণকাৰী দুৰ্ঘটনাৰ সময়ত মাজুলীৰ চেলেক গাঁৱৰ পাপলু টাইডে (Paplu Taid) ৫ গৰাকী লোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

সেই ভয়ংকৰ দুৰ্ঘটনাত ফেৰীত আছিল পাপলু। চকুৰ সন্মুখতে ঘটিছিল সেই মৰ্মান্তিক ঘটনা। যোৰহাটত পৰীক্ষা দি ঘৰমুৱা হৈছিল পাপলু। লগত আছিল মাতৃ। নিজৰ ম’বাইলটো চাই থকাৰ সময়তে ফেৰীখনে আহি খুন্দা মাৰিছিল পাপলুহঁত থকা নাওখনত। তাৰ পিছতে ফেৰীখনত জাঁপ দিছিল পাপলুৱে। মা মা বুলি চিঞৰিছিল মাতৃক। মাত দিয়া নাছিল মাতৃয়ে। নাওখন ডুব যোৱাৰ পিছত মাতৃক দেখি পানীত জাঁপ দিয়ে পাপলুৱে। মাতৃক উদ্ধাৰ কৰি আন কেইবাজনৰো প্ৰাণ বচাবলৈ সক্ষম হৈছিল পাপলুৱে।

দুৰ্ঘটনাৰ সময়ত নাৱৰ টিঙত থিয় হৈ পাপলুৱে ছটফটাই থকা সেই দৃশ্যৰ লগতে ফটো এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। পাপলুৰ বাবেই জীৱন ৰক্ষা পৰিল কেইবাজনো লোকৰ। পাপলুৰ এই সাহসিকতাক এতিয়া শলাগিছে সকলোৱে।

Iklan Atas Artikel

Iklan Tengah Artikel 1

Iklan Bawah Artikel