উৎকট গৰম | আজিৰে পৰা ৰাইজে পাব পাৰে কিছু সকাহ !

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে এই কথা।

উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। প্ৰখৰ ৰ’দত ঘৰৰ পৰা ওলাবলৈ যেন কঠিন হৈ পৰিছে। যাৰ ফলত জলাকলা খাবলগীয়া হৈছে ৰাজ্যবাসীয়ে। তাৰ মাজতে কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে আজিৰে পৰা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে এই কথা।


বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি, আজিৰে পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে।•  গৰমৰ তীব্ৰতা কমিব। আজিৰ পৰা অসমৰ আকাশ ডাৱৰীয়া হৈ থাকিব। অঞ্চল বিশেষে পাতলীয়া আৰু মজলীয়া বৰষুণ হ’ব। কাইলৈৰ পৰা পাতলীয়া বতাহ বলিব। ৰাজ্যৰ গড় তাপমাত্ৰা ১৫ ডিগ্ৰীলৈ অৱনমিত হ’ব।

Iklan Atas Artikel

Iklan Tengah Artikel 1

Iklan Bawah Artikel