ব্যয়বহুল কাৰণেই বন্ধ হৈ আছিল নেকি নিমাতী-মাজুলী ৰো-পেক্স সেৱা ? নিমাতী ঘটনাই সলনি কৰিলে পূৰ্বৰ ভাড়াৰ নিৰিখ !

২০২০ বৰ্ষত ঐতিহাসিক নিমাতি ঘাটৰ পৰা মাজুলীলৈ দুখনকৈ ৰো-পেক্স সেৱাৰ শুভাৰম্ভ কৰিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।


কিয় বন্ধ হৈ আছিল নিমাতী মাজুলী ৰো-পেক্স সেৱা? ব্যয়বহুল কাৰণেই যাত্ৰীয়েও ভৰিব লগা হৈছিল নেকি দুগুণ ভাড়া? ভয়ংকৰ নিমাতি দুৰ্ঘটনাৰ পাছতেই ফুলদানিৰ দৰে নিমাতি ঘাটত দীৰ্ঘদিন সজাই থোৱা ৰো-পেক্স লৈ উঠিছে এতিয়া বিভিন্ন প্ৰশ্ন...

২০২০ বৰ্ষত ঐতিহাসিক নিমাতি ঘাটৰ পৰা মাজুলীলৈ দুখনকৈ ৰো-পেক্স সেৱাৰ শুভাৰম্ভ কৰিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অত্যাধুনিক প্ৰযুক্তি সম্বলিত তথা নিৰাপদ যাতায়তৰ সুবিধাৰ জাহাজ দুখন মুকলি কৰিলে যদিও সেৱাহে লাভ নকৰিলে ৰাইজে। মাথো দুটামান দিন যাত্ৰীৰ বাবে মুকলি কৰি দীৰ্ঘদিন ফুলদানিৰ দৰে সজাই থোৱা হ'ল নিমাতী ঘাটত।

ইপিনে যি দুই এদিন নিমাতি মাজুলী ঘাটত ৰো-পেক্স চলাচল কৰিছিল, যাত্ৰীয়েও ভৰিব লগা হৈছিল দুগুণ ভাড়া। যাব ফলত যাত্ৰীয়ে ৰো-পেক্সত উঠিবলৈ চিন্তা কৰিবলগীয়াত পৰিছিল। যদি ব্যক্তিগত মালিকাধীন ফেৰীসমূহত একোজন যাত্ৰীৰ ভাড়া ১৫ টকা আছিল, সেই এক সময়তে ৰোপেক্সৰে যাতায়ত কৰোতে আদায় দিব লগা হৈছিল ৩০ টকা।

অৱশ্যে ভয়ংকৰ নিমাতী ঘটনাই সলনি কৰিলে পূৰ্বৰ নিৰিখ। সম্প্ৰতি একক ইঞ্জিন চালিত ব্যক্তিগত ফেৰীসমূহ বন্ধ কৰি দিয়াৰ বিপৰীতে পুনৰ আৰম্ভ হৈছে ৰো-পেক্স সেৱা। সলনি হ'ল ভাড়াৰ নিৰিখো। এতিয়া নিমাতীৰ পৰা অফলামুখ ঘাটলৈ যাত্ৰীয়ে ভিৰিব লাগে মাথো দহ টকা।

Iklan Atas Artikel

Iklan Tengah Artikel 1

Iklan Bawah Artikel